জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ছটা জনগোষ্ঠীৰ লোকসকলে প্রাপ্য মর্যাদা লাভ কৰিব। সেয়েহে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাইছে। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে জনজাতিকৰণ সংক্রান্তত বিশেষ প্রতিবেদন পৰৱৰ্তী বিধানসভা অধিৱেশনত উত্থাপন কৰিব আৰু এই প্ৰতিবেদন অনুমোদিত হ’লেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ’ব বুলি প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰ আৰু মহা পঞ্জীয়কৰ অনুমোদন লাভ কৰাৰ পাছতে জনজাতিকৰণৰ চূড়ান্ত ঘোষণা হ’ব। ইপিনে, জনজাতিকৰণৰ বিষয়ক লৈ ৰাজ্যত মৰাণ, টাই-আহোম আৰু কোচ-ৰাজবংশীকে ধৰি কেইবাটাও সংগঠনে ৰাজ্যজুৰি আন্দোলন অব্যাহত ৰাখিছে। মৰাণ জনগোষ্ঠীক জনজাতিকৰা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবীত জনগোষ্ঠীটোৰ সংগঠনসমূহে ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে।