মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু দুৰ্বল শ্ৰেণীৰ সহায়ৰ লক্ষ্যৰে গ্ৰহণ কৰিবলগীয়া নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে কালি এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে হোৱা বৈঠকত ড০ শৰ্মাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্রগতিকে ধৰি বিভিন্ন দিশৰ পৰ্যালোচনা চলায়। সেই অনুসৰি ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে আৰু আঁচনিখনত ৩৭ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অৰুণোদয় আঁচনিখনক সর্ববৃহৎ নগদধন হস্তান্তৰ আঁচনি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে দেশৰ অন্য ৰাজ্যসমূহেও এই ক্ষেত্ৰত অসমক অনুসৰণ কৰিবলৈ লৈছে। তেওঁ কয়, যে কোনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা বাদ পৰি নাযায় তাৰ বাবে সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া চলি আছে। চৰকাৰ সমাজৰ সকলো শ্ৰেণীৰ সমকল্যাণৰ প্ৰতি দায়বদ্ধ বুলি তেওঁ মন্তব্য কৰে। বৈঠকত অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটি কলি দুটি পাত নামৰ এখন নতুন আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰে। এই আঁচনিৰ অধীনত অসমৰ চাহ বাগিচাৰ স্থায়ী-অস্থায়ী শ্ৰমিক আৰু বাগিচাসমূহত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকললৈ ৫ হাজাৰ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা মৰ্মে জিলা পৰ্যায়ৰ ৰূপায়ণ কমিটী গঠন কৰিবলৈ আৰু ১০ আগষ্টৰ ভিতৰত প্ৰ-পত্ৰ পূৰণকে ধৰি আঁচনিখনৰ সমস্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক তেওঁ নিৰ্দেশ দিয়ে। গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰি সংযোগ আৰু বাণিজ্য বৃদ্ধিৰ বাবে ৰূপায়িত ৰিং ৰোড প্রকল্পই কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক প্ৰকল্পটোৰ সময়সীমা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, যে চৰকাৰে ৰাজসাহায্যযুক্ত ৰন্ধন গেছ আঁচনি প্ৰৱৰ্তনৰ যো-জা কৰিছে আৰু এই কাৰ্যসূচীৰ নীতি নিৰ্দেশনাৰ মূল্যায়ন কৰি থকা হৈছে।
ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্তৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক
