মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ বৈঠকত ৰাজ্যৰ ২ হাজাৰ ১৩৫ খন ৰাস সমিতিক এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি মাজুলীৰ ৬৭ খন ৰাস সমিতিক ৫০ হাজাৰ টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ ২ হাজাৰ ৬৮ খন ৰাস সমিতিক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। অসম মন্ত্রীসভাই ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ আৰ্থিক সাহায্যৰে ২ হাজাৰ ২০৫ কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ ১৩ খন জিলাক সামৰি ৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত খহনীয়া প্ৰতিৰোধী কাম-কাজ কৰাৰ লগতে ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ, ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত প্ৰচলিউচনৰ কাম কৰা হ’ব। তদুপৰি বান আৰু খহনীয়াত ব্ৰহ্মপুত্ৰ জাহ যোৱা ভূমি পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে এই আঁচনিৰ অধীনত কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উদযাপনৰ মাজতে অহা ৫ নবেম্বৰত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যু তিথি বিশেষভাৱে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কার্যবাহী সদস্যগৰাকীক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্রদানৰ বাবেও মন্ত্রীসভাই অনুমোদন জনাইছে। এই মর্যাদা বি টি এ ডি এলেকাৰ অধীনৰ জিলাসমূহত প্রযোজ্য হ’ব। মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ৫০ বিঘালৈকে মাটিৰ ম্যাদি পট্টা প্রদানতো মন্ত্রীসভাই অনুমোদন জনাইছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত বৈঠকত অসম আৰক্ষী সংশোধনী বিধেয়ক ২০২৫৩ অনুমোদন জনোৱা হয়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জিলা আৰক্ষী দায়বদ্ধতাসমূহ পুনৰ গঠন কৰা হ’ব। মন্ত্রীসভাই অসম গাঁওৰক্ষী বাহিনীৰ নিয়মাবলী ১৯৮৬ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনী অনুসৰি গাঁওৰক্ষী বাহিনীৰ সদস্যৰ বয়সৰ ঊর্ধ্বসীমা পূৰ্বৰ ৫০ বছৰৰ পৰা ৪০ বছৰলৈ হ্রাস পাব। যোৰহাট জিলাত নির্মাণ হৈ থকা লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ বাবে ২৪৯ কোটি ৭৮ লাখ টকাৰ সংশোধনী প্রকল্প ব্যয়তো কালি মন্ত্রীসভাই অনুমোদন জনায়।
 
									