কাইলৈ মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ’ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি দিশপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এইকথা প্রকাশ কৰে। ড° শর্মাই কয়, যে অসমত কোনো ছবিৰ বাবে মনোৰঞ্জন কৰ লোৱা নহয় যদিও কেন্দ্ৰীয় চৰকাৰে ছবিৰ টিকটৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। এশ টকাতকৈ অধিক মূল্যৰ টিকটত ১৮ শতাংশ আৰু এশ টকাতকৈ কম মূল্যৰ টিকটত ৫ শতাংশ জি এছ টি সংগ্ৰহ কৰা হয়। এমাহৰ পাছত সংগ্ৰহ কৰা মুঠ জি এছ টিৰ ৫০ শতাংশ ৰাজ্য চৰকাৰক ওভতাই দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | October 30, 2025 12:26 PM | CM cabinet meeting
ৰৈ ৰৈ বিনালে ছবিৰ জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
 
		