বিটিআৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত বি টি আৰৰ ৫খন জিলাৰ ৪ লাখ ১২ হাজাৰ মহিলাক সামৰি লোৱা হৈছে। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত এই উপলক্ষে আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত অৰুণোদয় আঁচনিক ৰাজ্যৰ আটাইতকৈ বৃহৎ দৰিদ্ৰতা দূৰীকৰণ আঁচনি বুলি উল্লেখ কৰি কয়, যে ২০২০ চনত এই আঁচনি মুকলি হোৱাৰ পাছৰে পৰা বিগত ৫ বছৰত ৩৮ লাখ মহিলাক সামৰি লোৱা লৈছে। এই আঁচনিৰ বাবে ৰাজ্যৰ মহিলাসকল শক্তিশালী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ড০ শৰ্মাই বিটিআৰৰ মহিলাসকলক অহা ২০ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে নিযুত মইনা আঁচনিৰ দৰে ছাত্ৰসকলৰ বাবেও একেধৰণৰ এখন আঁচনি মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে।
আজিৰ অনুষ্ঠানত বিত্ত মন্ত্রী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বি টি আৰৰ প্ৰতিখন জিলাতে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অন্যতম ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে পোনপটীয়া আর্থিক সাহায্যৰ সহায়ত মহিলা সবলীকৰণত গুৰুত্ব দিয়া হৈছে।