ডাউনলোড
মোবাইল এপ

android apple
signal

September 12, 2025 6:17 PM | cm campaign btc

printer

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰতৰ প্ৰচাৰ অভিযান; বিজনীত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ এছ চি মৰ্চাৰ সভাপতি নবাৰুণ মেধি, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জলকান্তি ৰয়ো উপস্থিত থাকে। এই সভাত কেইবাহাজাৰো দলীয় কর্মী সমর্থকে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোকৰাঝাৰৰ ভাওৰাগুৰিত দলীয় প্রার্থী মহেশ্বৰ বসুমতাৰীৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়।

ইপিনে খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মদন ৰাভাৰ সমৰ্থনত মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰচাৰ চলায়। খৈৰাবাৰী মণ্ডলৰ ভূঞাখাট খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত শান্তিপূর্ণ, সমৃদ্ধিশালী আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ বাবে ভাৰতীয় জনতা পাৰ্টিক পৰিষদীয় চৰকাৰ গঠনৰ সুযোগ প্ৰদান কৰিবলৈ মন্ত্ৰী হাজৰিকাই ৰাইজক আহ্বান জনায়। এই সভাত প্ৰাৰ্থী মদন ৰাভায়ো নিৰ্বাচনত তেওঁক জয়যুক্ত কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

বিচিটি নির্বাচনৰ উদ্দেশ্যে বিজেপিয়ে প্রস্তুতি কৰি উলিওৱা সংকল্প পত্ৰখন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি বাক্সা জিলাৰ বৰমাত উন্মোচন কৰে। শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত বিটিআৰ- সংকল্প পত্ৰৰ মূল বিষয় বুলি মন্ত্ৰী শ্রীদাসে প্ৰকাশ কৰে। এই সংকল্প পত্ৰত বিজেপিৰ ৮টা গেৰাণ্টি সন্নিবিষ্ট কৰাৰ লগতে বিটিআৰ তথা বাক্সাৰ বাবে কেইবাখনো নতুন আঁচনি তথা প্ৰকল্পৰ কথা সন্নিবিষ্ট হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।