বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। কালিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰত বানৰগাঁও আৰু দতমা সমষ্টিৰ পৰিষদীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলাই জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ নীতি আৰু কাৰ্যসূচীৰ প্ৰতি নিৰন্তৰ বিশ্বাস আৰু আস্থা ৰখাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
চিৰাং জিলাত চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৌমথোৰ ব্ৰহ্মৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্রীয়ে বড়ো চুক্তি কাৰ্যকৰী কৰাৰ লগতে বি টি আৰত শান্তি স্থাপনৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি চিৰাংদুৱাৰ সমষ্টিৰ থাইকাঝৰাত প্ৰচাৰ অভিযান চলায়। ইপিনে, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এনৰ সভাপতি প্রমোদ বড়োৱে জিলাখনৰ কেইবাস্থানতো প্ৰচাৰ চলায় ।
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত আয়োজিত এখন সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী অতুল বৰাই কালি মথনগুৰি পৰিষদীয় সমষ্টিৰ বাক্সাৰ খাৰিজ বিজনী মৌজাৰ ওদালগুৰিত অগপ প্রার্থী মনমোহন দাসৰ সমৰ্থনত প্ৰচাৰ চলায়। তেওঁ বাওঁখুংগ্ৰীৰ বামুণগাঁও আৰু শ্ৰীৰামপুৰৰ হাউৰীয়াপেটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ইয়াৰ পাছত তেওঁ বঙাইগাঁৱত জিলাখনৰ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোঁৰামাৰাত কালি এ আই ইউ ডি এফ দলেও প্ৰচাৰ সভাৰ আয়োজন কৰে। এই সভাত বিধায়ক মজিবুৰ ৰহমানে দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ওদালগুৰি জিলাত বিজেপি-ইউ পি পি এলৰ লগতে বি পি এফ, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলেও প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মন্ত্ৰী পীযূষ হাজৰিকাই জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযানত অংশ লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জিলাখনৰ ৰজাগড়ত প্ৰচাৰ অভিযান চলোৱাৰ কথা। ওদালগুৰি জিলাত প্ৰচাৰ অভিযানৰ মাজতে দুই-এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যদিও আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কালি ওদালগুৰিত উপস্থিত হৈ নিকা আৰু শান্তিপূর্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।