মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বি টি চিৰ পৰ্বতঝোৰাত এখন জনসভাত অংশগ্ৰহণ কৰিছে। বি টি চিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী ভি চি ডি চিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কি ড° শৰ্মাই কয় যে, এইবাৰ বি টি চিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ভি চি ডি চি ব্যৱস্থা প্ৰত্যাহাৰ কৰা হব। তেওঁ লগতে বিজেপি চৰকাৰ হলে বি টি চিত অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনি প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে।
কালি কোকৰাঝাৰ জিলাত দুখনকৈ সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে বিটিচিত বিজেপি চৰকাৰ হ‘লে কোনো দ্বিতীয় শ্রেণী নাগৰিক নাথাকিব। বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ ২২ বছৰ পাছতো অঞ্চলটোৰ ৰাইজে আজিও বিচৰাধৰণে অধিকাৰ নাপালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপিৰ লক্ষ্য হৈছে বিটিচিৰ প্ৰতিটো জাতি-জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা । বিটিআৰবাসীৰ মাটি-বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্ব-নিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সৰ্বাংগীন বিকাশেৰে বিজেপিয়ে এখন নতুন বিটিআৰৰ সপোন ৰচা বুলিও তেওঁ কয়। জিলাখনৰ কালিপুখুৰী হাউৰীয়া মাণ্ডলিক বাক্ৰা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ড° শৰ্মাই ১২ নম্বৰ চালাকাটি পৰিষদীয়ৰ সমষ্টিৰ দলীয় কর্মকর্তাসকলক সম্বোধন কৰাৰ পাছতে কাশিয়াবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত আন এখন সভাত অংশগ্ৰহণ কৰে। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলে বিজেপিৰ শাসনত স্ব-নিৰ্ভলশীলতাৰ দিশে আগবঢ়াৰ প্ৰসংগও দাঙি ধৰে। ইপিনে আসন্ন বিটিচি পৰিষদীয় নির্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে বি টি আৰৰ অন্তৰ্গত জিলা কেইখনত তৎপৰতা অব্যাহত ৰাখিছে। ইউ পি পি এল দলে কালি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীর্ষক এটা সমদলৰ আয়োজন কৰে। নিৰ্বাচনৰ বাবে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলে কালি ৩০ জনীয়া প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে।