ডাউনলোড
মোবাইল এপ

android apple
signal

August 5, 2025 6:43 PM | BTC election

printer

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে সম্প্রতি শাসক- বিৰোধী দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক- বিৰোধী দলসমূহে প্ৰচাৰ অভিযান চলাই আছে৷ ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙৰ দুখন দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই চিৰাঙৰ চুবাইঝাৰ আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিভিত্তিত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰথমখন সন্মিলনত অংশগ্ৰহণ কৰে। আনহাতে মানাস ছেৰফাং পৰিষদীয় সমষ্টিভিত্তিত তেওঁ পাণবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দ্বিতীয়খন সভাত অংশ লয়। বিজেপিয়ে নিজাকৈ বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কালি ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে ৷ কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।