বিটিচিত জনজাতি, কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে। তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপিয়ে এইবাৰ বিটিআৰ চৰকাৰ গঠন কৰি এখন নতুন বিটিআৰ গঢ় দিব। সকলো জাতি-জনগোষ্ঠীৰ সমিলমিলেৰে এখন সুস্থ বিটিআৰ গঠন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
আনহাতে ড° শৰ্মাই দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিজেপি চৰকাৰ শাসনত থকালৈ ৰাজ্যত অবৈধভাৱে দখলীকৃত ভূমিত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। বিগত পাঁচ বছৰত বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ড° শৰ্মাই তামুলপুৰ জিলাত স্বাস্থ্য সেৱা খণ্ডত উল্লেখনীয় পদক্ষেপ হিচাপে অহা বছৰৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ’ব বুলি প্ৰকাশ কৰে। ইউ পি পি এল আৰু বিপিএফৰ একত্ৰীকৰণ হোৱাটো তেওঁ মনে প্রাণে বিচাৰে বুলি উল্লেখ কৰি দুয়োটা দল একত্রিত হ’লে বড়ো ৰাইজ যথেষ্ট উপকৃত হ’ব।