ৰাজ্য চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই তাত থকা বৃন্দাবনী বস্ত্ৰ চৰ্তসাপেক্ষে অসমলৈ ১৮ মাহৰ বাবে প্ৰেৰণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অক্টোবৰ-নৱেম্বৰত লণ্ডনলৈ যাব। সকলো ঠিকে থাকিলে ২০২৭ চনত ১৮ মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই অসমলৈ বৃন্দাবনী বস্ত্ৰ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা তিববত হৈ লণ্ডন, ফ্রান্স আদি বিভিন্ন স্থানলৈ যায়। বৃন্দাবনী বস্ত্ৰখন অসমৰ মানুহে চাব পৰা বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। শেহতীয়াকৈ সংগ্ৰহালয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰাকৈ সংগ্ৰহালয় স্থাপন কৰিলেহে ১৮ মাহৰ বাবে বস্ত্ৰখন আনিব পৰা যাব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত জে এছ ডব্লিউ গ্রুপে অসমত সংগ্রহালয় নির্মাণ কৰিব। সংগ্ৰহালয় নিৰ্মাণৰ বাবে গ্ৰুপটোক খানাপাৰাত থকা ৰেচম বিভাগৰ এবিঘা মাটি আৱণ্টন দিয়া হৈছে বুলি তেওঁ কয়। বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনৰ পাছত ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষক নিশ্চয়তা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে ৷ বৃন্দাবনী বস্ত্ৰক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে বৰপেটা সত্ৰত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ গোপাল আতা তথা মথুৰাদাস বুঢ়া আতাৰ তত্বাৱধানত বস্ত্ৰখন বৈ উলিওৱা হৈছিল। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে ৰাজ্য চৰকাৰক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | August 30, 2025 8:08 PM | cm brindabani
২০২৭ চনত ১৮ মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই অসমলৈ প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্ৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
