দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰজেন্সি ডায়েৰীছ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্রাফ্ট ফাউণ্ডেচনে সংকলন কৰা কিতাপখনৰ আগকথা প্রধানমন্ত্ৰী মোদীয়ে লিখাৰ লগতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাই লিখা পাতনি সন্নিবিষ্ট হৈছে। গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে দেশৰ জৰুৰীকালীন অৱস্থাত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতান্ত্রিক প্ৰমূল্যবোধ ৰক্ষা কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছিল সেয়া এই গ্ৰন্থখনৰ জৰিয়তে আজিৰ প্ৰজন্মই জানিব পাৰিব ।
একেটা অনুষ্ঠানতে ভাগ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সমাজ অধ্যয়ন বিষয়ত ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক এটা অধ্যায় সন্নিবিষ্ট কৰি অধ্যায়টোত দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাও অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰে। ইপিনে একেখন গ্ৰন্থ মণিপুৰৰ ইম্ফলত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যখনৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তথা বিজেপি নেতা এন বিৰেণ সিঙে উন্মোচন কৰে। ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত দেশৰ ৰাজনৈতিক ইতিহাসৰ ক’লা অধ্যায় বুলি অভিহিত কৰি জনসাধাৰণৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰাৰ কথা সোঁৱৰণ কৰে ।
উল্লেখযোগ্য যে যোৱা ২৫ জুনত দেশত জৰুৰীকালীন অৱস্থা ৫০ বছৰ সম্পূৰ্ণ হয়। জৰুৰীকালীন অৱস্থাৰ ৫০ সংখ্যক বাৰ্ষিকীত ভাৰতীয় জনতা যুৱমৰ্চা আৰু ভাৰতীয় জনতা মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ডিব্ৰুগড়ৰ হনুমান বক্স সূৰজ মল কানৈ মহাবিদ্যালয়ত ম’ক পার্লিয়ামেণ্ট শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্রহণ কৰি জৰুৰীকালীন অৱস্থাই কেনেদৰে সংবিধান উলংঘা কৰাৰ লগতে জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিছিল সেই বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা, প্রশান্ত ফুকন ৰূপেশ গোৱালাকে ধৰি বিধায়ক বিজেপিৰ বিষয়ববীয়া অংশগ্ৰহণ কৰে।