December 22, 2025 1:18 PM | cm batadrava

printer

বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বটদ্ৰৱা থান পৰিদৰ্শন কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গুৰুজনাৰ স্মৃতি বিজড়িত এই স্থানৰ পৱিত্ৰতা আৰু গৌৰৱক পুনৰুদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰা হৈছে। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱা থান কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।