অসমত মৌলবাদী সমস্যাটো বহুদিনলৈ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত ১১ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি কয়, যে মৌলবাদী অসমত শক্তিশালী হৈ আছে। যিহেতু অসম বাংলাদেশৰ চুবুৰীয়া ৰাজ্য সেয়েহে অসমত এনে সমস্যা বহুদিনলৈ থাকিব বুলি তেওঁ কয়।
উল্লেখযোগ্য যে ৰাজ্যত গোপনে কুটাঘাতমূলক কার্যকলাপত লিপ্ত হোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই প্ৰকাশ কৰিছে। মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ত কালি সম্বোধন কৰা এখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, যে দেশৰ আন দুখন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্ক ফর্চে ১১ জন বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কার্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদী সদস্যজনক এছ টি এফে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে এছ টি এফে অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা কৰা জামাত-উল- মুজাহিদ্দিনৰ দহজন সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে এছ টি এফে ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা মৌলবাদী সদস্যকেইজনৰ পৰা বহু আপত্তিজনক সামগ্রী জব্দ কৰা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ধৃত জামাত-উল-মুজাহিদ্দিন বাংলাদেশৰ সদস্যকেইজনে মূলত ডিজিটেল জেহাদেৰে ৰাজ্যৰ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। অসমৰ বিভিন্ন স্থানৰ আওঁহতীয়া অঞ্চলৰ যুৱ সমাজক তেওঁলোকে মূল লক্ষ্য হিচাপে লোৱা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। মৌলবাদী শক্তিটোৱে ডিজিটেল জেহাদেৰে অসমত ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইমাম মেহমুদ্দাৰ কাফিলা চমুকৈ আই এম কে, আনছাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি, অল কায়দা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ আদি মৌলবাদী সংগঠনে অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কুট কৌশল ৰচনা কৰিছিল ৷