অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ আৰু ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত এই ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। বিধানসভাত কালি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ হোৱা আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ চৰকাৰ আগবাঢ়িছে। ইয়াৰ অংশ হিচাপে গৱেষণা কাৰ্য সূচল কৰি তোলাৰ লগতে সংৰক্ষণ আৰু নথিভুক্তকৰণৰ বাবে আধুনিক প্রযুক্তি আকোঁৱালি ল’বলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০ কোটি টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। একেদৰে এবছৰৰ ভিতৰত ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানক ডিপ্লমা পৰ্যায়ৰ প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী পৰ্যায়ৰ প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে ৰাজ্যত সকলো জিলা সদৰত বহুমুখী সাংস্কৃতিক চৌহদৰ নিৰ্মাণ কৰা হ’ব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে নামকৰণ কৰিবলগীয়া এই চৌহদসমূহত মহান সাহিত্যিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজীক আভাস দিয়া হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই উদ্দেশ্যে এইবাৰৰ বাজেটত ৩৫ খন জিলাৰ বাবে ধাৰ্য কৰা ৭০০ কোটি টকাৰ ভিতৰত ১২ খন জিলাৰ বাবে ২৪০ কোটি টকা আৱণ্টন কৰা হৈছে। তেওঁ লগতে জিলা আৰু সমজিলা সমূহত জনজাতীয় আৰু অন্য থলুৱা সম্প্ৰদায়ৰ বাবে বহুমুখী সাংস্কৃতিক চৌহদ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ২০টা এনে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।