August 9, 2025 9:54 PM | arunodoi cm

printer

অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকললৈ ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ

অহা জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকলে ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ লাভ কৰিব। তামুলপুৰ জিলাৰ বাগানপাৰাত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে নিৰ্বাচনৰ পাছত বি টি আৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলো নাগৰিক প্ৰথম শ্ৰেণীৰ হ’ব। বিজেপি চৰকাৰৰ দিনত বি টি আৰত উন্নয়ন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। আজিৰ সভাত সাংসদ দিলীপ শ‍ইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ বাক্সা জিলাৰ অঞ্চলিৰ সন্ন্যাসী শিৱ ধামত বিজয় সংকল্প সভাত অংশ ল’ব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।