মহাবিদ্যালয়সমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণ-পত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ, কোনো মাচুল নল’বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লোকসেৱা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ২০২৫-২৬ শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নামভর্তি আঁচনি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰা হয়। সকলো মহাবিদ্যালয়কে ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণ-পত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ আৰু কোনো অতিৰিক্ত নথি-পত্ৰৰ বাবে জোৰ নিদিবলৈ তথা শিক্ষাৰ্থীৰ পৰা কোনো মাচুল আদায় নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ, শেহতীয়াকৈ স্নাতক পৰীক্ষাত উত্তীর্ণ শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰিবলগীয়া জীৱন প্ৰেৰণা নামৰ নতুন কাৰ্যসূচীৰো প্ৰস্তুতিৰ বুজ লয়। এই কাৰ্যসূচীত আৱেদনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা আৰু বহুল প্ৰসাৰৰ বাবে এটা সুকীয়া অনলাইন প’ৰ্টেল বিকশাই তোলাৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।