January 12, 2026 12:28 PM | CM

printer

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্রাচীন জাতি চুতীয়াসকলৰ সোণালী ইতিহাস, গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলনেৰে আয়োজন কৰা এই অনুষ্ঠানত ভাগ লৈ তেওঁ অতিশয় আনন্দিত হৈছে। বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীৰ বীৰাংগনাৰ কালজয়ী গাথাঁৰে চুতীয়া জাতিৰ ইতিহাস পৰিপূৰ্ণ হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ ধাৰক আৰু বাহক চুতীয়া জাতি প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ।

অনুষ্ঠানত অংশ লৈ মন্ত্রী বিমল বৰাই ৰাজ্যৰ সর্বাংগীণ উন্নয়নত চুতীয়া জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে বুলি উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহতো আলোকপাত কৰে। অনুষ্ঠানত মন্ত্রী অতুল বৰা, বিধায়ক ৰূপজ্যোতি কুর্মীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।