January 10, 2026 6:53 PM | CM

printer

কাইলৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই স্থান পৰিদৰ্শন কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই গণতান্ত্রিক প্রতিবাদ কৰি আহিছে। আজি মুখ্যমন্ত্রীয়ে কয়, যে উকীল সন্থাক ৩ বছৰ পূর্বে দিয়া প্রতিশ্রুতি তেওঁ পালন কৰিছে। অৱশ্যে, উকীল সন্থাৰ লগত উচ্চ ন্যায়ালয়ৰ কি বুজাবুজি হৈছে, সেই সন্দর্ভত মুখ্যমন্ত্ৰীগৰাকী অৱগত নহয় বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।