দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুর্নীতিক প্রশ্রয় দিয়া নাই আৰু আগলৈও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব। ২০২৫ বৰ্ষত ৰাজ্য চৰকাৰৰ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুর্নীতি নির্মূলৰ ক্ষেত্ৰত অভিলেখ সংখ্যক কার্য সম্পন্ন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত বৰ্ষত দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয় ১০০ শতাংশ অভিযোগনামা দাখিল কৰিছে। এই সময়ছোৱাত ৭৪ খন অভিযোগনামা দাখিল কৰাৰ লগতে ৩২ গৰাকী চৰকাৰী কৰ্মচাৰীক দুর্নীতিৰ অভিযোগত আটক কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। তেওঁ কয়, যে সংস্কাৰমূলক ব্যৱস্থাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্রহণ কৰি চৰকাৰী ব্যৱস্থাক নতুন ৰূপ দিবলৈ চৰকাৰ দায়বদ্ধ বুলিও তেওঁ প্রকাশ কৰে।
Site Admin | January 10, 2026 6:46 PM | CM
দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ