মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাঙচালি পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি লখিমপুৰ জিলাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্রীয়ে উত্তৰ লখিমপুৰ চহৰৰ অনাময় ব্যৱস্থাৰ আধুনিকীকৰণ আৰু বিজ্ঞান উন্নত আবৰ্জনা নিষ্কাষণৰ লক্ষ্যৰে ৪ এম এল ডি পয়ঃপ্রণালী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে প্রশাসনিক সংস্কাৰ আৰু ক্ষমতা বিকেন্দ্ৰিকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লখিমপুৰ জিলা আযুক্তৰ নৱ-নির্মিত কাৰ্যালয় ভৱনৰ আধৰশীলা স্থাপন কৰে। ড০ শৰ্মাই ৪০ কোটি ৪৪ লাখ টকা ব্যয়সাপেক্ষে অসম মালা আঁচনিৰ অধীনত ন-আলিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০ কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে।