January 2, 2026 12:46 PM | CM

printer

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী এহেজাৰ ৫০০ টকাকৈ আর্থিক অনুদান প্রদান কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভবনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে।

অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।