January 2, 2026 12:43 PM | CM sonitpur

printer

শোণিতপুৰত ৩০, ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সৰকাহাট মিনি স্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু শোণিতপুৰৰ নিজ-বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰচলাৰ ঠেলামৰা ঘাটগাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।