মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ মুঠ ২৭ হাজাৰ ৩১০গৰাকী হিতাধিকাৰীক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত অনুষ্ঠিত জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্রথম কিস্তিৰ ১০ হাজাৰকৈ টকাৰ চেক বিতৰণৰ বাবে চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে। তেওঁ চৰকাৰে দিয়া এই ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান জনায়। ড° শর্মাই কয়, যে যিসকল মহিলাই এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন স্বাবলম্বিতাৰ ক্ষেত্ৰত খৰচ নকৰি আন কিবা শিতানত খৰচ কৰে, সেইসকল মহিলাক এই আঁচনিৰ পৰৱৰ্তী কিস্তিৰ পৰা আঁতৰত ৰখা হ‘ব। উদ্যমিতা আঁচনিৰ তৃতীয় কিস্তিত ৫০ হাজাৰ টকা পর্যন্ত দিয়া হ‘ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। তেওঁ কয়, যে ৩৫ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়াৰ বাবদ চৰকাৰৰ প্ৰায় ৩ হাজাৰ ২০০ কোটি টকা ব্যয় হ‘ব। মহিলাসকলক অধিকাৰ দিয়া আৰু তেওঁলোকৰ জৰিয়তে সমাজক শক্তিশালী কৰি গঢ়ি তোলাই এই আঁচনিৰ লক্ষ্য বুলি ড° শৰ্মাই উল্লেখ কৰে। লামডিং সমষ্টিৰ বহু মহিলাৰ সম্প্ৰতি লাখপতি বাইদেউ হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে নাৰী শক্তিক আগবঢ়াই নি আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰা চৰকাৰে অব্যাহত ৰাখিব।
ইয়াৰ পূৰ্বে বৰপেটাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২০ হাজাৰ ছগৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। এই উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে অসমৰ ৮ লাখ মহিলাই লাখপতি বাইদেউৰ সুবিধা লাভ কৰিছে। অসমৰ মহিলা সৱলীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই আঁচনিৰ ধন অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৩২ লাখ মহিলাৰ মাজত বিতৰণ কৰা হ‘ব বুলি তেওঁ কয়। ইতিমধ্যে ১২ লাখ মহিলাৰ মাজত পুজিৰ ধন বিতৰণ কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে। মুঠ ৩৪ হাজাৰ কোটি টকা ব্যয়ৰ এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী হ‘বলৈ আহ্বান জনায়। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ১০ হাজাৰ টকা আগবঢ়াই আহিছে। প্রথম কিস্তিৰ ধন সফলতাৰে ব্যয় কৰা মহিলাসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ আৰু ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলিও ড০ শর্মাই কয়।
বৰপেটাৰ অভিভাৱক মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰণজিৎ দাসৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিৰ ধন বিতৰণ কৰাৰ পাছত সাংবাদিকৰ আগত কেইবাটাও বিষয় সন্দর্ভতো মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামা সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে তদন্তকাৰী গোটে আদালতত দাখিল কৰা অভিযোগনামাখনক একাংশ লোকে সমালোচনা কৰি তদন্ত প্রক্রিয়াটোত বিভ্রান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। এই সকল লোকে জুবিন গার্গে ন্যায় পোৱাটো নিবিচাৰে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। আনহাতে, বৰপেটা জিলাতো অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ‘ব বুলি মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।