অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ’লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। ৰাজ্যৰ অর্থনীতি, মাটি, সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিখা নির্বাপিত হ’বলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কালি নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হ’বলৈ আহ্বান জনায়। ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ আইনৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি বিধানসভাত শীঘ্রেই এনে আইন উত্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে।
উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই কালি ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হয়। ছহিদ দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্র নিৰ্মাণ কৰি মুঠ ৮৬০ গৰাকী ছহিদৰ বহুসংখ্যকৰে প্রতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে।
মুখ্যমন্ত্রী ড° শর্মাই কালি পশ্চিম বৰাগাঁৱত নির্মিত এই ছহিদ স্মাৰক ক্ষেত্র উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা ছহিদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামত আত্মবলিদান দিয়া মহান ছহিদসকলৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় ছহিদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্র আক ছহিদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্রগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে বুলি প্রকাশ কৰে।