December 4, 2025 12:36 PM | CM

printer

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে শীঘ্রেই এখন সমিতি গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্রেই এখন সমিতি গঠন কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি চাহ শ্রমিকক ভূমি হস্তান্তৰ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে প্রকাশ কৰে। এই বৈঠকতে প্রতিখন চাহ বাগিচাত এখনকৈ চাৰিজনীয়া সমিতি গঠনৰ জৰিয়তে ভূমি জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে চাহ শ্ৰমিকসকলৰ আবেদন পত্র সংগ্ৰহ কৰাত সহায় কৰিব। জৰীপৰ পাছতহে পর্যায়ক্রমে ভূমিপটা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে বিধানসভাত চাহ শ্রমিকসকলক ভূমিৰ অধিকাৰ দিয়াৰ বাবে গৃহীত বিধেয়কখনত ৰাজ্যপালে অনুমোদন জনোৱাৰ পাছতে বাগিচাৰ মাটিসমূহ প্রথমে চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হয়। বাগিচাসমূহত পর্যায়ক্রমে এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।