অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চন্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দর্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিছে।
ইপিনে, অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই কালি এই সন্দৰ্ভত জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ্চ পদস্থ বিষয়াসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু বিভাগীয় অন্যান্য গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত পর্যালোচনা কৰা হয়।