গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ‘ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্ব দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ব্রিটিছ সংগ্ৰহালয়ৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ল‘নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে বৃন্দাবনী বস্তু অসমলৈ অনাটো সম্ভৱ হ‘ব। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচকুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্তুখন প্রত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্রকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্তুভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ‘ব আৰু ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ‘ব। লণ্ডন ভ্রমণৰ প্ৰথম দিনটোত কালি ড০ শর্মাই চহৰৰ বাটাৰফ্ৰণ্ট পৰিদৰ্শন কৰাৰ লগতে প্রবাসী অসমীয়া সকলৰ সৈতেও মত বিনিময় কৰে।
Site Admin | November 17, 2025 1:06 PM | CM
লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ