ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 12, 2025 12:27 PM | CM

printer

জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে ৫০ বিঘা পৰ্যন্ত ভূমিস্বত্ব দিয়া হব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত ৫০ বিঘা পর্যন্ত ভূমিৰ অধিকাৰ দিয়া হব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ধৰ্তিত আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্রায় ডেৰ লাখ জনজাতীয় লোকে ভূমি পট্টা লাভ কৰিছিল যদিও আন বহু লোকে এই সুবিধা গ্ৰহণৰ বাবে আবেদন কৰা নাছিল। পৈত্রিকভাৱে অধিক ভূমি থকা এই লোকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে এগৰাকীকৈ জনজাতীয় ব্যক্তিক ৫০ বিঘাকৈ ভূমিৰ অধিকাৰৰ স্বত্ব প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।

কালিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্রদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

ইপিনে, জনজাতীয় গৌৰৱ পষেকৰ সৈতে সংগতি ৰাখি যোৰহাট জিলাৰ ১০ টা আদিসেৱা কেন্দ্রত আজিৰেপৰা স্বাস্থ্য আৰু পৰিপুষ্টি শিবিৰৰ আয়োজন কৰা হৈছে। জিলা প্রশাসন আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত তিতাবৰস্থিত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত ১৫ নৱেম্বৰত জনগোষ্ঠীৰ চহকী, সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰা হব।