ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2025 12:25 PM | CM

printer

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ লগত মুখ্যমন্ত্রীৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নিশা নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ নতুন দিল্লীৰ চৰকাৰী বাসভবনত প্রায় আধা ঘণ্টা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ৬০ শর্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্ৰসংগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি কয়, যে অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ বাবে শ্রীশ্বাহে নির্দেশনা আৰু নিৰলস চেষ্টা চলাই আহিছে। ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই কালি নতুন দিল্লীত ৰেল মন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰেল সেৱা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দর্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰেল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা তিনিখন নতুন অমৃত ভাৰত ৰেলৰ যাত্ৰা সম্পর্কে আলোচনা কৰা হয়। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাইণ্ডফুলনেছ চিটীলৈ নতুন ৰেল পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰা সন্দর্ভতো বিতংভাবে আলোচনা কৰা হয়। অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰেলসমূহৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বেল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰেল মন্ত্ৰীগৰাকীয়ে এই বিষষসমূহ বিবেচনা কৰিব বুলি প্রতিশ্রুতি দিয়াৰ বিষয়ে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰিছে।

উল্লেখযোগ্য যোৱা শনিবাৰে বিয়লি নতুন দিল্লীলৈ ৰাওনা হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি বিয়লি অসমলৈ ঘূৰি অহাৰ কথা।