ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:29 PM | CM Visit

printer

আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে ইতিমধ্যে শ্রীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰে। মহিলাসকলক আর্থিকভাবে স্বাৱলম্বী কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উদ্যোগী মনোভাৱেৰে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডতো মুখ্যমন্ত্রীয়ে দুপৰীয়াৰ ভাগত শিলচৰ বিধানসভা সমষ্টিৰ ১৩ হাজাৰতকৈও অধিক আত্মসহায়ক গোটৰ মহিলাক চেক প্রদান কৰিব। মুখ্যমন্ত্রীয়ে বিয়লি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ২০৮ খন বিচনাযুক্ত প্রস্তাবিত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন ২৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হব। এই অত্যধুনিক চিকিৎসা কেন্দ্ৰই বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ উপৰি উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেবা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্রীয়ে সন্ধিয়া শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ বুথ সভাপতি আৰু শক্তিকেন্দ্র বৈঠকতো অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কাইলৈ পুৱা লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। শ্রী শৰ্মাই কাইলৈ লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ ১৯ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।