ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:19 PM | CM

printer

ৰাজ্যৰ প্ৰায় চাৰি লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি মন্ত্রী সভাৰ বৈঠকত সিদ্ধান্ত গ্রহণ

 ৰাজ্যৰ প্ৰায় চাৰি লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রী সভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা দিয়াৰ সন্দৰ্ভত বিতংভাবে আলোচনা কৰি এই সম্বন্ধীয় প্রস্তাৱত নীতিগতভাবে অনুমোদন জনোৱা হয়। কাইলৈ জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হব বুলি মুখ্যমন্ত্রী শর্মাই জানিবলৈ দিয়ে। মন্ত্রীসভাই মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়। জনসংখ্যা নীতি অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে অথবা পঞ্চায়ত নির্বাচন খেলিব নোৱাৰে। মন্ত্রীসভাৰ বৈঠকত চাহ শ্রমিক আৰু মৰাণ, মটক সম্প্রদায়ৰ লোকসকলক এই নীতিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

ৰাজ্যিক মন্ত্রীসভাই শিক্ষকৰ কল্যাণ সুনিশ্চিত কৰণৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক (নিযুক্তি আৰু বদলি নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনায়। এই সংশোধনীৰ অধীনত ১২ হাজাৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্রদান কৰা হব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, যে বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযান, অসমৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ সীমা পূৰ্বৰ পাঁচ বছৰৰ পৰা তিনি বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত সমগ্র শিক্ষা অভিযানত কৰ্মৰত প্রায় তিনি হাজাৰ শিক্ষক উপকৃত হব বুলি ড০ শর্মাই প্রকাশ কৰে। তেওঁ লগতে কয়, যে পুৰুষ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত কৰ্মস্থলীত সম্পূর্ণ কৰিবলগীয়া পূৰ্বৰ ১০ বছৰৰ সময়সীমা এতিয়াৰে পৰা সাত বছৰলৈ হ্রাস কৰা হৈছে। ইপিনে, আছাম পেট্রকেমিকেলছ লিমিটেডৰ দৈনিক ৫০০ টন সামৰ্থৰ মিথালন প্রকল্প আৰু ২০০ টন সামৰ্থৰ ফৰমেলিন প্ৰকল্পৰ ব্যয় দুহেজাৰ ২৬৭ দশমিক ২-২ কোটি টকালৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। ১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ সন্দৰ্ভতো মন্ত্রীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। ড০ শৰ্মাই কয়, যে নেলীত সংঘটিত নৰসংহাৰৰ ঘটনাৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন অহা নৱেম্বৰত হবলগীয়া অসম বিধানসভাৰ অধিবেশনত দাখিল কৰা হব।