October 17, 2025 8:07 PM | CM

printer

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব। কাইলৈ দিনৰ এঘাৰ বজাত গুৱাহাটী ৰাজভৱনত হ’বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱাব।

উল্লেখযোগ্য যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে সদ্যসমাপ্ত বিটিচি নির্বাচনত অভূতপূর্ব সফলতা লাভ কৰাৰ পাছত দলটো শাসনাধিস্থিত এন ডি এ মর্চাত যোগ দিয়া সন্দর্ভত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী বিধানসভা নির্বাচনলৈ ছমাহতকৈ কম সময় বাকী থকা অৱস্থাত অসম মন্ত্রীসভাৰ কাইলৈ হ’বলগীয়া সম্প্ৰসাৰণ ৰাজনৈতিকভাৱে বিশেষ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।