October 13, 2025 1:16 PM | CM forgien language

printer

মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিখনৰ প্ৰথম পর্যায়ত ১৮০ গৰাকী যুৱক-যুৱতীক জাপানী ভাষাত প্রশিক্ষণ, নিযুক্তি আৰু আর্থিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত-জাপানৰ সহযোগিতা বৃদ্ধি হোৱাৰ উপৰি অসম আৰু জাপানৰ জনসাধাৰণৰ মাজত সম্পর্ক সুদৃঢ় হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে যুৱ প্ৰজন্মই বিদেশত নিয়োগৰ সুযোগ পোৱাই নহয়, বৰং তেওঁলোক বিদেশত অধিক দক্ষতাসম্পন্ন হৈ অসমলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাব পাৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। জাপানী ভাষাৰ এই পাঠ্যক্ৰমৰ মুঠ ব্যয়ৰ এক লাখ টকা ৰাজ্য চৰকাৰে আৰু ৫০ হাজাৰ টকা জাপানে ব্যয় কৰিব বুলি ড০ শর্মাই উল্লেখ কৰে। মুঠ খৰচৰ মাত্র ৩০ হাজাৰ টকাহে যুৱক-যুৱতীসকলে বহন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অৱগত কৰে।

তেওঁ লগতে বছা বছা কেইগৰাকীমান অসম প্রশাসনিক সেৱাৰ বিষয়াইও এই পদক্ষেপ অংশ লৈ জাপানী ভাষা শিক্ষা লাভ কৰিব বুলি প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।