ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা চাহ বাগিচাৰ যুৱক-যুৱতীসকলক অহা ১৬ অক্টোবৰত খানাপাৰাত হ’বলগীয়া এটা অনুষ্ঠানত ২৫ হাজাৰ টকাকৈ মাননি প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। ১৬ অক্টোবৰত হ’বলগীয়া অনুষ্ঠানত যুৱক যুৱতীসকলক যোগদান কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কয়, যে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে দীপাৱলীৰ পাছত অক্টোবৰ মাহতে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে বুলিও ড০ শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে।
Site Admin | October 13, 2025 1:12 PM | CM
অহা ১৬ অক্টোবৰত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক মাননি প্ৰদান