মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশ ল’ব। তেওঁ প্রথমে মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত প্রায় ৩৮ হাজাৰ গৰাকী মহিলাক প্ৰথম বছৰৰ কিস্তিৰ ধন প্ৰদান কৰিব। ইয়াৰ পিছত তেওঁ জিলাখনৰ পাভৈত পঞ্চম অসম বেটেলিয়নৰ শুভাৰম্ভ কৰিব।
কালি সামাজিক মাধ্যমযোগে জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত শীঘ্রেই ৩৫ হাজাৰ প্রার্থীয়ে স্বচ্ছ আৰু নিকাভাবে নিযুক্তি লাভ কৰিব বুলি মন্তব্য কৰে।
তেওঁ লগতে ৭ অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পর্যায়ত ৩০ লাখ হিতাধিকাৰীক পুঁজি বিতৰণ কৰা হ’ব বুলি মন্তব্য কৰে। বি টি আৰৰ জিলা কেইখনৰ বাহিৰে ৰাজ্যৰ বাকী জিলাৰ হিতাধিকাৰীসকলে এই পুঁজি লাভ কৰিব বুলি তেওঁ কয়।
কেন্দ্রীয় মন্ত্রী সভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱাৰ নিৰ্মাণৰ জৰিয়তে বন্য জীবজন্তুসমূহ বিপদমুক্ত হোৱাৰ লগতে যান-বাহন চলাচলত সুবিধা হ’ব বুলি উল্লেখ কৰে। গোলাঘাট আৰু গহপুৰৰ মাজত সুৰংগ নিৰ্মাণৰ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব বুলিও তেওঁ উল্লেখ কৰে। মাজুলীৰ কমলাবাৰী আৰু নিমাতীঘাট সংযোগী দলংখন নির্মাণৰ বাবে নিবিদা প্রক্রিয়া সম্পূর্ণ হৈছে আৰু এটা ব্যক্তিগত প্রতিষ্ঠানে দুমাহৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যখনৰ বানৰ ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে গৃহ ম্যালয়ে এহেজাৰ ২০০ কোটি টকাৰ অনুমোদন দিয়া বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মেঘালয়ৰ পানী শিলসাকোলৈ লৈ লোৱাৰ বাবে আন এটা প্রকল্পটো গৃহ মন্ত্র্যালয়ে অনুমোদন দিছে বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰে।