ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক শিক্ষক, স্বাস্থ্য বিভাগৰ কাৰিকৰী, অ-কাৰিকাৰী পদকে ধৰি বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৯ অক্টোবৰৰ ভিতৰত চৰকাৰে এই পদসমূহত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিল যদিও ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে নিযুক্তি প্ৰক্ৰিয়া কিছু পিছুৱাই দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত আৰু চতুৰ্থ বৰ্গৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব। স্বাস্থ্য বিভাগৰ কাৰিকৰী, অ-কাৰিকাৰী পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰাৰ লগতে প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব। অগ্নিনির্বাপক সংস্থাৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অক্টোবৰ মাহৰ ভিতৰতে দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আনহাতে অহা ৭ অক্টোবৰত ৰাজ্যৰ ৩০ লাখ পৰিয়ালৰ বাবে অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। ৰাজ্যৰ চাৰে ৩ লাখ ছাত্ৰীক নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন ১০ৰ পৰা ১৫ অক্টোবৰত দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰিছে।
Site Admin | September 27, 2025 7:54 PM | CM
ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা
