মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সোণোৱাল কছাৰী সমাজৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰ তথা সামগ্ৰিক বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় ৷
ড° শৰ্মাই ইয়াৰ পূৰ্বে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান, গ্রেজিঙৰ ভূমিত বাস কৰা মৰাণসকলক ভূমিৰ অধিকাৰ প্ৰদান, স্বায়ত্তশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ আদি সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্রী শর্মাই এই বিষয়সমূহত তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী পদক্ষেপ ল’বলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।