ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 5, 2025 12:07 PM | CM | sonitpur

printer

শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগণি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে ডুৰুং চাহ বাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দা পোষ্টকার্ড হোটেল মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই হোটেল আৰু ইয়াৰ চৌহদ পৰিদৰ্শন কৰে। ড° শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই হোটেলে অসমৰ চাহ পৰ্যটনৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে এনে প্ৰকল্পই চাহ বাগিচাৰ ঐতিহ্য, সেউজ পৰিৱেশ, বাগিচাৰ শ্ৰমিকসকলৰ সহজ-সৰল জীৱনযাত্ৰাক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ লগতে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি, কুটিৰ শিল্পৰ বিকাশ আৰু থলুৱা সংস্কৃতিৰ প্ৰসাৰতো যোগাব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।