মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নির্দেশ দিছে। গুৱাহাটীৰ আৰ্য নগৰত বুধবাৰে নির্মীয়মান উন্মুক্ত নলাত পৰি এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে নিৰ্দেশ দিয়ে। ঢেকীয়াজুলিত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড° শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নলাৰ ঢাকোন লগাই যোৱাৰ পাছতে চুৰি হৈ যায় বুলি মন্তব্য কৰে। সকলোৱে লগ লাগি সমস্যা সমাধান কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | September 5, 2025 12:06 PM | CM
গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ মুখ্য সচিবক নির্দেশ মুখ্যমন্ত্ৰীৰ
