প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহমন্ত্ৰীগৰাকীয়ে অহা ২৯ আগষ্টত গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰী শ্বাহে এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ লব। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিযে। ড০ শৰ্মাই অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ বিষয়েও প্ৰকাশ কৰে।
Site Admin | August 9, 2025 12:22 PM | CM
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰৰ বিভিন্ন পৰিকল্পনা গ্ৰহণ
