ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 1, 2025 11:22 AM | CM

printer

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ক ধন্যবাদ জ্ঞাপন কৰে। গু গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে মহানগৰখনৰ বনাঞ্চলত বাস কৰা অখিলঞ্জীয়া লোকৰ সংখ্যা ঠিৰাং কৰাৰ বাবে জৰীপ চলাব। মহানগৰখনৰ জন-গাঁথনি সলনি কৰা লোকসকলক জৰীপত সামৰি লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে চৰকাৰে থলুৱা আৰু খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ কথা চিন্তা কৰা নাই। তেওঁ কয়, যে অসমত কমেও তিনিটা প্রজন্ম বাস কৰি থকা লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই। বনভূমি দখল কৰি থকা অখিলঞ্জীয়া লোকক উচ্ছেদৰ বাবে যিকোনো সময়তে অভিযান আৰম্ভ কৰা হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়াই দিয়ে। ড° শৰ্মাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে খিলঞ্জীয়া লোকসকলে ভূমি পট্টা লাভ কৰিব বুলি ঘোষণা কৰে।
       ইপিনে, গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি চতুর্থ দিনাও প্রশাসনে উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্রশাসনিক বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী বিষয়া, কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দল এই উচ্ছেদ অভিযানস্থলীত উপস্থিত থাকিব। প্রশাসনে কালি তৃতীয়দিনা অঞ্চলটোৰ ২ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলাই প্ৰায় সাতশ বাসগৃহ উচ্ছেদ কৰে। ৰাজ্যৰ বিশেষ মুখ্য সচিব এন কে যাদৱ আৰু আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে উচ্ছেদ অভিযানৰ তদাৰক কৰে।