দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাজুলী আৰু মাহমৰা বিধানসভা সমষ্টিত ৰূপায়িত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সুকীয়া সুকীয়াকৈ পর্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে মাজুলীৰ যাতায়াত ব্যৱস্থাৰ বুজ লৈ লোহিত নৈত দলং নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ বিশ্ববেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰিবলগীয়া ৯ খন দলঙৰ কামো শীঘ্ৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মাজুলীত অক্ষয় পাত্র ফাউণ্ডেচনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় ৰান্ধনীঘৰ নিৰ্মাণৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। তদুপৰি উজনি মাজুলীৰ লাচন চাপৰিৰ পৰা শালমৰালৈ এক নম্বৰ স্থাৰত বিং বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জলসম্পদ বিভাগক নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে লগতে বিভিন্ন বিভাগৰ পৰা জনস্বাস্থ্য, শিক্ষা, কৃষি আদিৰ সৈতে জড়িত প্রকল্পসমূহৰ বুজ লয়। তেওঁ পৰিয়াল কল্যাণ বিভাগৰ অধীনত সমষ্টি দুটাত ৰূপায়িত প্রধানমন্ত্ৰী নগৰ জন আৰোগ্য যোজনা ৰূপায়ণৰ অগ্ৰগতিৰ লগতে আভা পৰিচয় পত্র যুগুতকৰণৰ খতিয়ান লয়। তেওঁ কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্রয় সম্পর্কেও পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে সকলো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম দ্রুত কৰি তুলিবলৈও নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই কালি জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ কৰে। অহা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতিপ্রধান গাঁওসমূহলৈ গৈ প্রধানমন্ত্রী জন আৰোগ্য যোজনা, পি এম কিষাণ, জন-ধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ ৬ হাজাৰখন জনজাতি বসতিপ্রধান গাঁৱক সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ’ব।
মুখ্যমন্ত্ৰী ড° শৰ্মাই ইয়াৰ আগেয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ব দিহিং খামটি খেলপথাৰত কেন্দ্রীয় সামূহিক বান্ধনিঘৰৰ আধাৰশিলা স্থাপন কবে। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া প্ৰকল্পটো অহা বছৰৰ ছেপ্তেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে প্রধানমন্ত্রী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক পুষ্টিকৰ মধ্যাহ্ন ভোজন দিয়া হ’ব। এই আঁচনিৰ বাবে কোনো মধ্যাহ্ন ভোজনৰ আঁচনিৰ বান্ধনিয়ে চাকৰি হেৰুৱাব নালাগে আৰু তেওঁলোক বন্ধাৰ পৰিৱৰ্তে বিদ্যালয়ত খাদ্য বিতৰণৰ কামত নিয়োজিত হ’ব।