ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 10, 2025 12:46 PM | CM

printer

মুখ্যমন্ত্ৰীৰ সৈতে ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৰ বৈঠক

অসম আৰু মেঘালয়ত ছদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৱে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দেশখনৰ সৈতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, প্রযুক্তি, আধ্যাত্মিকতা আৰু ধৰ্মীয় যোগাযোগ স্থাপন সন্দৰ্ভত আলোচনা কৰা হ’ব। ৭ জুনত গুৱাহাটীত উপস্থিত হোৱা দলটোৱে এই ভ্ৰমণৰ প্ৰথমদিনা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে আই আই টি গুৱাহাটীত উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল প্ৰমুখ্যে কেইবাগৰাকীও অধ্যাপকৰ সৈতে মত বিনিময় কৰে। দলটোৱে বাঁহ ব্যৱহাৰ কৰি আই আই টিয়ে কৰা অভিনৱ তথা বহনক্ষম সামগ্ৰী নিৰ্মাণ আৰু থ্রী ডি প্রিন্টেড সঁজুলিৰ লেখীয়া উদ্ভাৱনীমূলক কার্যকলাপসমূহ প্ৰত্যক্ষ কৰে। দলটোৱে দেওবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি মাণ্ডলিক বন বিষয়া অশ্বিনী কুমাৰৰ সৈতে আলোচনাত মিলিত হয়। গুৱাহাটীস্থিত ভূটানৰ কনছুল জেনেৰেল জিগমে থিনলে নামগ্যাল আৰু ৰয়েল ভূটানিজ কনছুলেট জেনেৰেল ফুপা শ্বেৰিঙৰ নেতৃত্বৰ দলটোৱে কালি মেঘালয় ভ্ৰমণ কৰে ।