ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 6, 2025 12:14 PM | CM

printer

ৰাজ্যত বনাঞ্চল ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়েত নিৰীক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যত বন ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তা – এ আইৰ জৰিয়তে নিৰীক্ষণ কৰা হব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বন ধ্বংস আৰু বনভূমিৰ ক্ষতি আদি বাস্তৱসন্মত সময়ত চাব পৰাকৈ এটা পৰ্টেল মুকলি কৰি ড° শৰ্মাই কয়, যে এই পৰ্টেলৰ জৰিয়তে বনভূমি ধ্বংসৰ বিষয়ে সঠিক সময়ত ব্যৱস্থা লব পৰাকৈ তথ্য লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষাৰ দিশত সহায় হব পৰাকৈ বন বিভাগৰ ১২৯ খন বাহনৰ ফ্লেগ অফ কৰে। তেওঁ অসম বন সুৰক্ষা বাহিনীৰ তিনিটা বেটেলিয়নৰ সুৰক্ষা কৰ্মীসকলক অস্ত্ৰও প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধকৰণৰ পদক্ষেপক আগুৱাই নিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হৈছে বুলি মন্তব্য কৰে । তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়াই যৌথভাৱে ডিব্ৰুগড়, তিনিচুকীয়া, শিলচৰ, তেজপুৰ আৰু গুৱাহাটীত জৈৱ ইন্ধন প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে। এই প্ৰকল্পৰ কাৰণে প্লাষ্টিক সংগ্রহ কৰি দিব পৰা যাব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে। তেওঁ ২০২৪ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা নিজ মাতৃৰ নামত এটি গছপুলি ৰোপণৰ পদক্ষেপে বনানিকৰণৰ দিশত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন সম্ভৱ কৰিছে বুলি মন্তব্য কৰে ।