মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাত কৰি অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্যখনলৈ সামগ্ৰী পৰিবহনৰ সমস্যা লাঘব কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থায়ো স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক পৰিবহনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণেৰে কাম কৰি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আন্তঃগাথনিমূলক প্রকল্প সম্পর্কেও আলোচনা কৰে। ড° শৰ্মাই ৰাজ্যখনৰ খনিজ সম্পদ উচিত ব্যৱহাৰ আৰু এই খণ্ডত সহযোগিতা বৃদ্ধিৰে শক্তিশালী কৰি তোলাৰ বাবে আজি নতুন দিল্লীত কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্থাপন হবলগীয়া তাপ বিদ্যুত কেন্দ্ৰসমূহৰ বাবে নিৰৱচ্চিন্নভাৱে কয়লাৰ সৰবৰাহ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে মাৰ্ঘেৰিটা কয়লা খনিৰ কাম-কাজৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি নতুন খনিজ পদার্থ খনন সম্পৰ্কীয় বৈঠকত আলোচনা কৰা হয়।
Site Admin | May 27, 2025 7:49 PM | CM | Delhi
অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণ সন্দৰ্ভত অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা
