ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2025 12:51 PM | CM

printer

লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক মন্ত্ৰীসভাৰ আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ১০ অক্টোবৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মন্ত্রীসভাই ডিব্ৰুগড়ত অসম বিধানসভা, বিধায়ক নিবাস আৰু এহেজাৰ লোক সমবেত হ’ব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ২৮৪ কোটি টকাত অনুমোদন দিছে। একেদৰে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ বাবে ২০৯ কোটি টকাত মঞ্জুৰি দিয়া হৈছে বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয়, যে মন্ত্ৰীসভাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ চূড়ান্ত ৰূপতো অনুমোদন দিছে।

অধিক পঢ়ক

সকলো চাওক