অসম দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ কথা প্ৰকাশ কৰিছে। বিগত ২০২৩-২৪ পৰ্যটন বৰ্ষত ৪ লাখৰো অধিক পৰ্যটকে অসমৰ প্ৰকৃতি আৰু আতিথ্য উপভোগ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল। প্ৰতি বছৰে অসমলৈ পৰ্যটনকৰ আগমনৰ হাৰ উৎসাহজনকভাৱে বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন দিশটো অধিক আগুৱাই নিবলৈ বহুখিনি প্রকল্প গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। লগতে চলিত ২০২৪-২৫ পর্যটন বৰ্ষতো অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য বৰ্ষ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰিছে।