অসম বিদ্যুৎ নিয়ামক আয়োগে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। অসম বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল, অসম বিদ্যুৎ গ্রীড কোম্পানী আৰু ৰাজ্যিক ভাৰ বিতৰণ কেন্দ্ৰৰ আবেদনৰ ওপৰত ভিত্তি কৰি এই নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হয়। আয়োগে সকলো পক্ষৰ মতামত গ্ৰহণৰ পাছত সাধাৰণ গ্ৰাহক আৰু জীৱনধাৰা আঁচনিৰ অধীনৰ গ্ৰাহকৰ বাবে প্রতি ইউনিটত বিদ্যুৎ মাছুল এটকাকৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিছে। আন সকলো গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ২৫ পইচাকৈ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে এ পি ডি চি এলে দাখিল কৰা আবেদনত ২০২৫-২৬ বৰ্ষৰ বাবে নতুন নিখিত সাধাৰণ গ্ৰাহকৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰা হোৱা নাছিল। অসম বিদ্যুৎ নিয়ামক আয়োগে সাধাৰণ গ্ৰাহক, বিদ্যুতৰ উৎপাদন, বিতৰণ আৰু গ্ৰীডৰ তিনিওটা কোম্পানীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰিখ নিৰ্ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে আয়োগে সংশ্লিষ্ট সকলো পক্ষৰে মতামত গ্ৰহণ কৰাৰ উপৰি যোৱা ১২ মাৰ্চত আয়োগৰ কাৰ্যালয়ত ৰাজহুৱা শুনানিও গ্ৰহণ কৰিছিল। এই শুনানিত ১২ টা পক্ষই বিদ্যুৎ নিৰিখ আবেদন সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছিল।
Site Admin | March 25, 2025 6:14 PM | electricity bill on cm
অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি