March 20, 2025 6:10 PM | CM

printer

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। ডিব্ৰুগড় নগৰৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত উপস্থিত হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ আজিৰ এই বৈঠক বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।